ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব ৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুৱাই আছিল ভালপোৱাৰ বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য নতুন বতৰাবোৰ ,
মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো ৷
আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ ৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি অহা ভালপোৱাৰ সেউজী শস্যডৰা …
ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো,
ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷
এয়াচোন অজানা অনুভুতি …
এক প্ৰতিশ্ৰুতি…
সদায়েই ৰক্ষা কৰাৰ
#স্বপ্ননীল

Kisu likhisa dei...
ReplyDelete