Wednesday, 10 February 2016

মোক ইমান বিশাল আকাশখন নালাগে জানা ৷
সৌ যে দেখিছা ইমানসোপা তৰাও নালাগে ৷
মোৰ বাবে এটি অংশই যঠেষ্ট ৷ যত আমি সাজিম হেপাঁহৰ ঘৰখন ৷ যত থাকিব তোমাৰ মোৰ সপোন বোৰ ৷
নালাগে মোক তৰাবোৰ…
ইমান সোপা তৰাৰে মই কি কৰিম কোৱা! !
না না নালাগে মোক ৷
এটি তৰায়েই যঠেষ্ট ৷
চোৱানা শুকুলা ডাৱৰ চপৰাই কি মনোৰম হৈ জোনটিৰ লগত লুকাভাকু খেলিছে ৷ পাৰিলে মোৰ নামত এচপৰা কিনিবা চোন ৷ তুমি মই তাত লুকাই লুকাই মনৰ কথাবোৰ পাতিম ৷ যেতিয়া কলীয়া ডাৱৰে আবৰি ধৰিব আমাৰ আকাশ মই তোমাৰ বুকুৰ মাজত সোমাম ৷ বৰষুন পৰিব টোপ টোপ ৷ টোপাল টোপাল...
তুমি মই উমলিম ৷
যদি পাৰা মোৰ বাবে কিনিবা চোন এটুকুৰা আকাশ, এটি তৰা, এচপৰা ডাৱৰ ৷ লগতে কিনিবাচোন তুমি জোনবাইটোকো
♥ ♥ ♥ ♥

৷৷৷৷৷

#স্বপ্ননীল আকাশ


No comments:

Post a Comment