Monday, 8 February 2016

সিদিনাও অভিমান কৰিছিলা!!

সিদিনাও অভিমান কৰিছিলা,
মোৰ চহৰত শেৱালি সৰা নাছিল,
সিদিনাও কাজিয়া হৈছিল,
মোৰ মুখত খং চিন নাছিল,
আৰু যিদিনাই অনুভৱ হৈছিল,
তুমি মোৰ পৰা দুৰৈত,
মোৰ বুকুত নামিছিল শীত
মোৰ চকুত  ভৰিছিল চকুপানী......

..

#স্বপ্ননীল

No comments:

Post a Comment