Wednesday, 10 February 2016

"এনেকৈয়ে যদি আতৰি যাব খোজা  ইমান আপোন কিয় হৈছিলাহি  ৷ "
.............

.....
দুখতে তাই প্ৰতিদণ্ডী হৈ উঠে ৷ মোক কয়  ৷ হয়তো  তাইৰ চকুলো নিগৰি পৰে ৷ হয়তো তাইৰো এনেই হয় লাহে লাহে সকলো পিনে আন্ধাৰ হৈ পৰে ৷ জোনাক নোহোৱা ৰাতিৰ দৰেই ৷ তাইক সুখী কৰিবলৈ মিচা আশ্বাস, প্ৰতিশ্ৰুতি দিবলৈও অপৰাগ মই  ৷ চকুলোখিনি মচি দিবলৈও যে মই কাষত নাই ৷ বুকুৰ পৰা বুকুলৈ এতিয়া বহুদুৰ বাট .........

....

ইমানবোৰৰ ভাবিলেই মোৰ মাত থোকাথুকি হৈ পৰে ৷ মই কও

"আৰে পাগলী মই সোনকালেই উভতি আহিমতো ৷ চিন্তা নকৰিবি না ৷ সুখী মানুহবোৰৰ দৰেই সুখী হবিচোন তয়ো ৷ "

.........
আৰু আধিক কৱলৈও সমৰথ নহও ৷ তাই কান্দিব ৷ মোৰো যে বেয়া লাগিব বহুত ৷ বেগটো পিঠিত লৈ আগবাটি  যাও ৷ চিনাকি ট্ৰেইনখনৰ দিশে ৷ কোনো অচিন চহৰত সপোন  বুটলিবলে ৷  লাহে লাহে বুকুৰ পৰা বুকুৰ বাটটোৰ দুৰত্বও বাঢিবলৈ ধৰে ৷  ট্ৰেইনখনে উকি মাৰে ৷ ডবাটোত মই উঠি দিও ৷ ক্ৰমশঃ আগবাঢি যায় …
...........

#স্বপ্ননীল আকাশ

No comments:

Post a Comment