Monday, 8 February 2016

ধৰানা হাতখন মোৰ

--"ধৰানা হাতখন  মোৰ ৷ ইমান ভিৰৰ মাজত মই হেৰাই যাম  ৷"
-- "হয়নে ?"

   সেই   সপোন যেন লগা ক্ষনটোত  কোমল হাতখনি খামোচি ধৰি খোজকঢাৰৰ  সময়ত কাহানিও ভবা নাছিলো  এদিন অন্ত পৰিব  এই যুগ্ম যাত্ৰাৰ ৷  প্ৰতিশ্ৰুতি আছিল শেষ ক্ষনলৈ এইদৰে আগবাঢি যোৱাৰ,
প্ৰতিশ্ৰুতি আছিল অন্তহীন যাৎৰাৰ পথিক জন হোৱাৰ,  প্ৰতিশ্ৰুতি আছিল তোমাৰ মোৰ দুখ সুখ আধা কৰি লোৱাৰ৷
 অথচ  …
ভিৰৰ মাজত হেৰাই গৈছিলা তুমি ৷ হেৰাই গৈছিল সকলো প্ৰতিশ্ৰুতি৷ পথত  ৰৈ গলো অকলেই মই ৷ আজিকালি বিষাদ মোৰ প্ৰিয় শব্দবোৰৰ এটা ৷  সেই আধৰুৱা হৈ ৰোৱা সপোনবোৰ যিবোৰত আকি  দিছিলা  দুচকুত তুমিয়েই,
বাৰে বাৰে তোমাৰ  কথা ভাবিবলৈ  বাধ্য কৰি তোলে মোক  ৷
বুকুত  খুন্দিয়াই থাকে বাৰে বাৰে
তুমি কোৱা কথাবোৰে,
দেখুৱাই দিয়া অসফল আশাবোৰে …৷৷৷৷


…আজিও কপনি উঠে যেতিয়া কোনোবাই কাষলৈ আহে আৰু  কয়


 --"ধৰানা হাতখন  মোৰ ৷ইমান ভিৰৰ মাজত মই হেৰাই যাম  ৷"
 ♥ ♥


★★★★★★★★★★

#স্বপ্ননীল আকাশ

(হোৱাটচআপ 8876430049)

No comments:

Post a Comment