Monday, 14 March 2016

(১)
 কিচু নিস্তব্ধতা.. মৌনতা....
কেইচেকেণ্ডমানৰ পিছত মই কৈ উঠিলো, "ভালপাও,,,,, ভালপাও তোমাক" ...... তাই চাই থাকিল ,,,,, মই উত্তৰ বিচাৰি ৰৈ থাকিলো .. আকৌ মৌনতা ।....
...................
এই যে ছোৱালীবোৰক লৈ বহুত দিগদাৰ ..... নকয়হে নকয়.. মানুহে কয় সদায় লেডিজ ফ্ৰাষ্ট . তাই যদি ভালপায় আপোনাক আপুনিয়েই কিন্তু কৰিব লাগে ফাৰষ্ট প্ৰপোজ... তেন্তে এই ক্ষেত্ৰত আমিবোৰ ফাৰ্ষ্ট...... অযুত চিন্তাবোৰ দলিয়াই আকৌ সুধিলো "কবানে কিবা,"?
-" কি কম?" তাইৰ সেই একেটাই উত্তৰ..
-"পোৱানে মোকো ভাল? "
-" নাজানো"
খং উঠি যায় ঘেন্টা,,, ইমান কিয় ৰহস্যলৈ থেলি থাকে  ইহঁতবোৰে ... আকৌ কৈ দিও খং ভাবে ।
"তেন্তে নাপাও বুলি কোৱা :-\ "
-" নকও"
উফ..... একেটা কথাকে কিমান শুনিম, নাজানো নকও,, কমন শব্দ....দুৰে দুৰে অনুপমহতে  মোক চাই থাকে,  সিহতেও জানে মোৰদ্বাৰা একো নহয়...এই একেটা চেহেৰা লৈ উভতি আহো...
সিহঁতৰ ইতিকিং মোৰ কাণত পৰে... "বেচেৰাটোৰ এইবাৰো নহয় ..."
তাইক দিয়া গিফটো তাই ওলোটাই দিয়ে... মই তাইৰ কাষত থৈ গুচি আহো....
উভতি উভতি মই আকৌ ঘুৰি চাও.... তাই দুৰলৈ গৈ থাকে.... কেকুৰিটোৰ পৰা তাই অদৃশ্য হৈ যায়....<3

সিহতে মোক বুজায়, বাদ দে না, নতুন চাই ল..
তাই তোৰ বাবে নহয়.. বিচাৰি ফুৰিলে সব পোৱা নাযায় ..কিচুমান বস্তুৱেই আমাৰ সপোনত হে শোভা দিয়ে.. . মই মনে মনে থাকো... মই জানো বাদ দিব পাৰিলে কোনোৱা দিনাই বাদ দি দিলোহেতেন....তথাপিও ভাবো বুজিব, প্ৰতিবাৰে মোৰ ফিলিংছৰ মা-ব্যহন হৈ যায়... চেহ... ।বাদ দি দিলো তাইক

(২)
দিনবোৰ গৈ আছে...আজি চাৰিও ফালে শুষ্কতা... কেবল মোৰ নাকটোৰ বাদে... ভীষন চৰ্দি লাগিছে... ৰুমালখনেৰে মচি মই তাকো শুষ্ক কৰি দিলো... বচ... আগৰ কেইদিনৰ দৰে বাচখন আহি মোৰ কাষত ৰল... মই উঠিলো... আজি গাটো সিমান ভাল লগা নাই.. চিট বিচাৰি শেষৰ ফালে গলো.. এনেতে কোনোৱাই মাতে....
" আকাশ দা। ? "
মই ঘুৰি চাও...
" আৰে মেঘালী দেখোন! কত যোৱা "
" সেইবোৰ কৈ আছো আগতে ইয়াতে বহক... "
চিটৰ সৰু অংশখিনিত মই বহি দিও...
মোক দেখি বহুত এক্সাইটেট তাই.. এৰা তাইক বহুত বছৰ দেখা নাছিলো.. দেখি সৰুকৈ মোৰো এটা হাৰ্ট এটেক্ট হৈ গৈছে... তাই বহুত সলনি হল.. আৰু মই??  নাজানো । বাছৰ খিৰিকীখনেৰে বাহিৰলৈ চালো.. ডুৱা ৰঙা বেলিটিৰ দৃশ্যত দেখা পালো। সচাকৈয়ে মনটো কিবা এটা ভাল লাগি গৈছে... সচাকৈয়ে মনত এক সুখানুভুতিৰ সৃষ্টি হৈছে..  মোৰ পৃথিবী বহুত সলনি হৈ গল.. ।বহু বছৰ পাৰ হৈ গল তাই মোৰ প্ৰপোজ প্ৰত্যাখ্যান কৰা....দিলৱালে ৰ দৰে কিমান বছৰ, মাহ কিমান দিন মনত নাই...অবশ্যে সেয়াও ওলাব যদি ডায়েৰীটো খুলি চাও... মই কথা পাতিলো গম পালো তাই স্কুল এখনত নতুনকৈ জইন কৰিছে.. মোৰ  ঠাইৰ পৰা 2কি:মি: মান দুৰ হব.... বহুত কথা হল..  আগৰ দৰে 1.1/2ঘন্টাৰ বিৰক্তিকৰ যাত্ৰা আজি দুই মিনিটৰ যেন লাগিল... মই মোৰ লক্ষ্যস্হান পালো... <3  <3
গধুলি হল .. আগৰ কেইদিনৰ দৰে মই ফেচবুক  অন কৰিলো... দেখিলো তাই মোক এড কৰিছে.. মই এচেপ্ত কৰিলো... সাধাৰণ কথা হল... :-)  মই ভীষণ সুখী... মোৰ বাবে সেয়া অসাধাৰণ কথা......

(৩)
আজি সোমবাৰ... কিন্তু কামৰ পৰা মই সোনকালে আহিলো... তাই মই ফুৰিম... জীৱনৰ পোন প্ৰথমবাৰৰ বাবে... যথা সময়ত তাই আহিল... :-)  বহুত ধুনীয়া লাগিছে তাইক... তাই আহিয়েই কলে...
"বলা পাৰ্কলৈ এপাক!"
"পাৰ্কলৈ তো couple বোৰে হে যায় "
তাই হাহে আৰু কয়
" কিয়!!  কত লিখা আছে...? "
মই হাঁহি সমৰ্থন দিও...
দিঘলীপুখুৰী পাৰ্কলৈ....
:-)
আজি কিচু বেলেগ লাগিছে... সম্পুৰ্ণ বেলেগ.. বতৰটো ভাল নহয়.. বৰষুন দিব হয়তো... মই ভবাৰ আগতে টোপালবোৰ নামি আহিল... তাই চাতিটো মেলি ধৰে... মোৰ নিচেই কাষত আহে... মোৰ সোধো সময় কিমান.. তাই কয় চাই লোৱা.. মোৰ আকৌ এবাৰ বুকু শিহৰিত হৈ উঠে... তাই মোৰ সেই গিফটো, সেই ঘড়ীটো পিন্ধি আহিছে...
তাই মোৰ চকুলৈ চায় আৰু কয়..
ধুনীয়া সময়বোৰ চাবলৈ এজন ধুনীয়া মানুহক লাগে...
মই সপোনৰ দৰে  আবাক দৃষ্টিৰে চাই থাকো...
তাই মোক সাবটি ধৰে... চাতিটো কেনিবা উৰি যায়..... মোৰ চহৰত 1ম জাক বৰষুনত সকলোবোৰ জীপাল হৈ যায়..... :-)

কিচুমান ভালপোৱাৰ শেষ নাথাকে.... কিমান বছৰ কিমান মাহ কিমান দিন নহওক কিয়.....কিচুমান ভালপোৱা এনেদৰে নীলা হৈ আহে.... বৰষাৰ থিকনা লৈ....... :-)
<3  <3

#স্বপ্ননীল আকাশ


Wednesday, 10 February 2016

এক প্ৰতিশ্ৰুতি…

ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব ৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুৱাই  আছিল ভালপোৱাৰ বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য নতুন বতৰাবোৰ ,
মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো ৷
আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ ৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি অহা ভালপোৱাৰ সেউজী শস্যডৰা …
ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো,
ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷
এয়াচোন অজানা অনুভুতি …
এক প্ৰতিশ্ৰুতি…
সদায়েই ৰক্ষা কৰাৰ

#স্বপ্ননীল
ভালপোৱাৰ সপোনবোৰ আচলতে কেতিয়াও নিজস্বভাবে গঢি নুঠে ৷ কেতিয়াবা কেতিয়াবা আমি তাক নিজেই গঢ়ি  তোলো ৷ কেতিয়াবা কোনোবাই গুঠি দিয়ে  আৰু কেতিয়াবা  কাৰোবাৰ পৰশত গঢি উঠে  ৷ টুকুৰা টুকুৰা এনে সপোনবোৰ ঠিক মালা এডালৰ মনিবোৰৰ দৰে ৷ যেতিয়ালৈ গুঠি তোলা নহয় সেইবোৰৰ  কোনো থাক থিক নাথাকে,  কোনো অনুক্ৰমো  নাথাকে  ৷ আপোনজনক পালেই বহুতো কিবাকিবিয়েই সলনি হৈ যায় ৷ মৰমলগা নানানটা সপোনে দুচকু জুৰায় ৷কোনো কবিয়ে লিখি পেলায় নিলিখা কবিতা কোনো গায়কে গায় নোগোৱা গান  কোনোবাই হয়তো সপোন দেখিয়েই সময়  কটায় ৷  ভালপোৱাৰ সপোনবোৰই যে তেনেকুৱা☺…


সেই বাটে মইও ৰৈ থাকিম যিটোৰে তুমি আহা,
তোমাৰ চকুলৈ চাই থাকিম
জানোচা সপোনত তুমি আহা  …

…এটা চিম্পল ৱৰ্ড আৰু এবুকু অনুভৱ ৷ কাহানিও শেষ নহয় ৷  ৷সচাকৈয়ে যেতিয়া আমাৰ দুচকত কোনোৱে সচা সপোনবোৰ গুঠি দিয়ে বিশ্বাস কৰক জীৱনটো আগতকৈয়ো  বহুত ধুনীয়া হৈ পৰে ৷থিক মালাধাৰিৰ দৰে ৷ মৰমলগা ৷ ♥

কেতিয়াবা আপুনিও অনুভৱ কৰেনে?



#স্বপ্ননীল আকাশ

মোক ইমান বিশাল আকাশখন নালাগে জানা ৷
সৌ যে দেখিছা ইমানসোপা তৰাও নালাগে ৷
মোৰ বাবে এটি অংশই যঠেষ্ট ৷ যত আমি সাজিম হেপাঁহৰ ঘৰখন ৷ যত থাকিব তোমাৰ মোৰ সপোন বোৰ ৷
নালাগে মোক তৰাবোৰ…
ইমান সোপা তৰাৰে মই কি কৰিম কোৱা! !
না না নালাগে মোক ৷
এটি তৰায়েই যঠেষ্ট ৷
চোৱানা শুকুলা ডাৱৰ চপৰাই কি মনোৰম হৈ জোনটিৰ লগত লুকাভাকু খেলিছে ৷ পাৰিলে মোৰ নামত এচপৰা কিনিবা চোন ৷ তুমি মই তাত লুকাই লুকাই মনৰ কথাবোৰ পাতিম ৷ যেতিয়া কলীয়া ডাৱৰে আবৰি ধৰিব আমাৰ আকাশ মই তোমাৰ বুকুৰ মাজত সোমাম ৷ বৰষুন পৰিব টোপ টোপ ৷ টোপাল টোপাল...
তুমি মই উমলিম ৷
যদি পাৰা মোৰ বাবে কিনিবা চোন এটুকুৰা আকাশ, এটি তৰা, এচপৰা ডাৱৰ ৷ লগতে কিনিবাচোন তুমি জোনবাইটোকো
♥ ♥ ♥ ♥

৷৷৷৷৷

#স্বপ্ননীল আকাশ



তোমাক ভালপোৱাৰ আজুহাতত যদি পাৰ হৈ যায় বহু জোনাকী নিশা,
হবলৈ দিয়ানা ৷
জোন কি তৰা,
দিবতো নোৱাৰো মই ,
লিখিম এটি সৰু কবিতা, 
যত থাকিব তুমি মই আৰু স্মৃতিৰ সফুৰা …

#স্বপ্ননীল আকাশ
তোমাক দেখাৰ দিনাই জন্ম লৈছিল
হৃদয়ত এটি সুৰ ,
থুপ খাব ধৰিছিল
বুকুত মৰমবোৰ.....
ক্ৰমশ:
গধুৰ হৈ আহিছিল অনুভুতিবোৰ
উজাই আহি ওঠলৈ ৰুপ লৈছিল কবিতাৰ
যিবোৰে জুমি চাব খুজিছিল তোমাৰ হৃদয়ৰ
গোপন প্ৰান্তবোৰ ৷
হয়তো এয়াই আছিল
১ম ভালপোৱা
১ম প্ৰেম ৷
"এনেকৈয়ে যদি আতৰি যাব খোজা  ইমান আপোন কিয় হৈছিলাহি  ৷ "
.............

.....
দুখতে তাই প্ৰতিদণ্ডী হৈ উঠে ৷ মোক কয়  ৷ হয়তো  তাইৰ চকুলো নিগৰি পৰে ৷ হয়তো তাইৰো এনেই হয় লাহে লাহে সকলো পিনে আন্ধাৰ হৈ পৰে ৷ জোনাক নোহোৱা ৰাতিৰ দৰেই ৷ তাইক সুখী কৰিবলৈ মিচা আশ্বাস, প্ৰতিশ্ৰুতি দিবলৈও অপৰাগ মই  ৷ চকুলোখিনি মচি দিবলৈও যে মই কাষত নাই ৷ বুকুৰ পৰা বুকুলৈ এতিয়া বহুদুৰ বাট .........

....

ইমানবোৰৰ ভাবিলেই মোৰ মাত থোকাথুকি হৈ পৰে ৷ মই কও

"আৰে পাগলী মই সোনকালেই উভতি আহিমতো ৷ চিন্তা নকৰিবি না ৷ সুখী মানুহবোৰৰ দৰেই সুখী হবিচোন তয়ো ৷ "

.........
আৰু আধিক কৱলৈও সমৰথ নহও ৷ তাই কান্দিব ৷ মোৰো যে বেয়া লাগিব বহুত ৷ বেগটো পিঠিত লৈ আগবাটি  যাও ৷ চিনাকি ট্ৰেইনখনৰ দিশে ৷ কোনো অচিন চহৰত সপোন  বুটলিবলে ৷  লাহে লাহে বুকুৰ পৰা বুকুৰ বাটটোৰ দুৰত্বও বাঢিবলৈ ধৰে ৷  ট্ৰেইনখনে উকি মাৰে ৷ ডবাটোত মই উঠি দিও ৷ ক্ৰমশঃ আগবাঢি যায় …
...........

#স্বপ্ননীল আকাশ
:নীৰবতা ভাল লাগে
:আৰু নিসংগতা?
:ওহোঁ মুঠেই সহ্য নহয় ৷
:তেন্তে চ্যাত অফ কিয়?
:কলোৱেই চোন   ৷ নীৰবতা ৷
:শুই থাকা ৷ কেতিয়াবা সপোন দেখিও ভাল লাগে ৷ আৰু শুনা কেতিয়াবা চ্যাত অফ কৰিও বেয়া লাগে ৷ নিৰবতাই নিসংগতাক লৈ আহে …
:এৰা,  সপোনটো ধুনীয়া হবনে ?
:নহবনো কিয় ৷ তুমি চকু মুদা …
:হুমম

তাই শুই পৰে ৷ মোৰ মনত বাজি থাকে
সপোনটো ধুনীয়া হবনে ? আহিবনে তাই সপোনত ৷হবনে মোৰ?? ♥ ♥


#স্বপ্ননীল আকাশ

Tuesday, 9 February 2016

যদিহে দিয়া লোৱাৰ কথা আছে ৷
তেন্তে, মোৰ সপোন সমস্ত তুমিয়েই লোৱা ৷
উজাগৰী ৰাতিটো মোক দিয়া,
যদিহে পোৱা নোপোৱাৰ স্বপ্নত ডুবিছা,
তেন্তে লোৱা মোৰ স্বপ্নীল নয়ন,
আকৌ সপোন দেখা ৷
জোনটো সাৰে থাকক,থাকিব দিয়া ৷
তৰাবোৰ চাই ৰওক, চাবলৈ দিয়া ৷
তাত কি আহে যায় ৷
বলানা হৃদয়খনো শ্বেয়াৰ কৰি লও,
আধা তোমাৰ আধা মোৰ.......



#স্বপ্ননীল আকাশ


সচাঁকৈয়ে মনত প্ৰশান্তিৰ জোৱাৰ উঠি আহে
যেতিয়া কাৰোবাৰ সচাঁ ভালপোৱাবোৰ অনুভৱ কৰো …
ভাল লাগে  ,
যেতিয়া মোৰ দৰে তেওলোকেও  বুকুত সাজে 
সাতোৰঙী  সপোনবোৰ  … 
তেতিয়াই  মোৰ  আকাশৰ ৰামধেনুখনত আকৌ এবাৰ ৰং সানিব  লও …
আৰু অলপ বেছিকৈ  ময়ো  ভালপাৱলৈ  লও .... 



#স্বপ্ননীল আকাশ

Monday, 8 February 2016

চুই পাইছানে নিয়ৰবোৰ কেতিয়াবা?
শুনিছানে গুন গুন ভোমোৰাৰ গুঞ্জন...
সাবটি লোৱা নে কেতিয়াবা বতাহজাক ,,....
খিৰীকিৰ কাষলৈ আহাচোন....দেখিছানে নীল আকাশ ......
তোমাৰ বাবে মই নিয়ৰ বোৰৰ দৰে কোমল হৈ আছো, ওঠত তুলি লৈছো গুন গুন সুৰ....
তোমাৰ ভালপোৱাত মইও এনেদৰে নীলা হৈ গৈ আছো .........

#স্বপ্ননীল আকাশ

মই  কলো
"তুমি গুচি গলা,
আজি উকা মোৰ হৃদয়,  ",,,,
….....
তাই  কলে
" নাই  নাই মই  যোৱা নাই,
মই  এতিয়াও আছো,
কেতিয়াবা স্মৃতি হৈ আহো,
কেতিয়াবা চকুলো হৈ  সৰো …
মই তোমাৰ হৃদয়তেই  আছো


★★★★
#স্বপ্ননীল আকাশ
তুমি ....
শীতৰ স্নিগ্ধ জোনাক ;
হৃদয়ৰ চুই যাব খোজা,
প্ৰতিটোপাল নিয়ৰ কণা ৷
তোমাৰ পৰশ পাবলৈ মই দুৱৰি হৈও গজো ৷
প্ৰভাতী কিৰণত
সাবটি ...
সুখৰ ৰামধেনু আঁকো ৷
......



★★স্বপ্ননীল আকাশ★★

সিদিনাও অভিমান কৰিছিলা!!

সিদিনাও অভিমান কৰিছিলা,
মোৰ চহৰত শেৱালি সৰা নাছিল,
সিদিনাও কাজিয়া হৈছিল,
মোৰ মুখত খং চিন নাছিল,
আৰু যিদিনাই অনুভৱ হৈছিল,
তুমি মোৰ পৰা দুৰৈত,
মোৰ বুকুত নামিছিল শীত
মোৰ চকুত  ভৰিছিল চকুপানী......

..

#স্বপ্ননীল
কাজিয়াৰ অন্তত বাৰে বাৰে যেতিয়াই সোধে , "মোৰ পৰা বিছৰা কি,?"
.......
মইও কোমলতাৰে কৈ দিও  "প্ৰতিবাৰে তোমাৰ প্ৰেমত পৰিবলৈ বিছাৰো । "
তেন্তে কাজিয়া কিয় কৰিছিলা?? হুহ তোমাক .....
মুখখন বেকেটা কৰি অন্যপিনে চাবলৈ ধৰে...
লাহে লাহে মই তাইৰ কাষ চাপি আহো ।
"শুনানা মই তোমাক আকৌ বেছিকৈ ভালপাবলৈ বিচাৰো  "


...........

#স্বপ্ননীল

ধৰানা হাতখন মোৰ

--"ধৰানা হাতখন  মোৰ ৷ ইমান ভিৰৰ মাজত মই হেৰাই যাম  ৷"
-- "হয়নে ?"

   সেই   সপোন যেন লগা ক্ষনটোত  কোমল হাতখনি খামোচি ধৰি খোজকঢাৰৰ  সময়ত কাহানিও ভবা নাছিলো  এদিন অন্ত পৰিব  এই যুগ্ম যাত্ৰাৰ ৷  প্ৰতিশ্ৰুতি আছিল শেষ ক্ষনলৈ এইদৰে আগবাঢি যোৱাৰ,
প্ৰতিশ্ৰুতি আছিল অন্তহীন যাৎৰাৰ পথিক জন হোৱাৰ,  প্ৰতিশ্ৰুতি আছিল তোমাৰ মোৰ দুখ সুখ আধা কৰি লোৱাৰ৷
 অথচ  …
ভিৰৰ মাজত হেৰাই গৈছিলা তুমি ৷ হেৰাই গৈছিল সকলো প্ৰতিশ্ৰুতি৷ পথত  ৰৈ গলো অকলেই মই ৷ আজিকালি বিষাদ মোৰ প্ৰিয় শব্দবোৰৰ এটা ৷  সেই আধৰুৱা হৈ ৰোৱা সপোনবোৰ যিবোৰত আকি  দিছিলা  দুচকুত তুমিয়েই,
বাৰে বাৰে তোমাৰ  কথা ভাবিবলৈ  বাধ্য কৰি তোলে মোক  ৷
বুকুত  খুন্দিয়াই থাকে বাৰে বাৰে
তুমি কোৱা কথাবোৰে,
দেখুৱাই দিয়া অসফল আশাবোৰে …৷৷৷৷


…আজিও কপনি উঠে যেতিয়া কোনোবাই কাষলৈ আহে আৰু  কয়


 --"ধৰানা হাতখন  মোৰ ৷ইমান ভিৰৰ মাজত মই হেৰাই যাম  ৷"
 ♥ ♥


★★★★★★★★★★

#স্বপ্ননীল আকাশ

(হোৱাটচআপ 8876430049)

হেৰুওৱা শব্দবোৰ বিচাৰি ফুৰিলো ,
হেৰুওৱা ৰাতিবোৰো  বিচাৰি ফুৰিলো  ,
সুকোমল কেচা সপোনবোৰ  বিচাৰিলো চকু মুদি মুদি ..
এনেদৰে ভাবনাত পাৰ হৈ গল কিমান পল অনুপল ,...
নোপোৱাবোৰ, পোৱাবোৰ আৰু হেৰুওৱাবোৰ লিখি লিখি পাৰ হৈ গল জীৱন,...
তথাপিও নাজানো কোনেনো কাৰ বাবে জীয়াই থাকে,...
বিশ্বাস কৰা মই তোমাৰ বাবেই জীৱলৈ শিকিলো।।
তুমি মোৰ শেষ ভালপোৱা,
মোৰ জীৱনৰ প্ৰতিটো ৰাতিপুৱা :-)

#স্বপ্ননীল
পৃথিবীৰ অধিকতম মানুহে অতীতত এটা ধুনীয়া মুহুৰ্ত, কেইটামান সপোন আৰু সেই বিশেষ মনৰ মানুহজনক এৰি থৈ আহে   । কেতিয়াবা আনকি এৰি থৈ আহো আমি আমাৰ পুৰণি চহৰখনো । দুৰৈত থাকিও যেতিয়াই ভাবো স্পন্দনবোৰ, বাৰুকৈয়ে অনুভৱ হয়, তাইও বাৰু মিচ কৰিবলৈ ধৰেনে মোক ।মই জানো... মই ঢুকি পোৱাৰ দুৰত্বত তাইৰ নাম নাই, তাই সেন্দুৰ সানি সুখবোৰক আলিংগন কৰে, ৰাতিপুৱা ভিজা চুলিটাৰিৰে যেতিয়া চাকিবোৰ জ্বলাবলৈ ধৰে মোৰ হৃদয়ত অনুভুত হয়, কাৰ সুখত, কাৰ দুখত,........ এই একেখন আকাশৰ তলতেইতো আমি কথা দিছিলো আমি আমাৰ হম,..এনে ৰাতিবোৰ আজি দুস্বপ্ন হৈ থাকক,
আজি চকুলোবোৰ সৰি যাওক । আকৌ ভাগি যাওক হৃদয়খন মোৰ, কাৰ কি আক্ষেপ ,...
নুবুজাকৈ বহুত কিবা ৰৈ যায়, নোকোৱাকৈ থাকি যায়, আজি উভতি আহিলেও,, সেই চহৰখনত মোৰ বুলিবলৈ একোৱেই নাই, মোৰ চহৰততো ভালপোৱা আছিল, মোৰ চহৰত তাইৰ অবস্হিতি আছিল , মোৰ চহৰত বিষাদ নাছিল,....... আজি বাৰে বাৰে লুকুৱাই ৰাখিছো অতীত,
আজিকালি মই লুকাবলৈ শিকিছো, তাইৰ পৰা, ভালপোৱাৰ পৰা, আৰু... মই মোৰ পৰা.......ত্যাগেই তো শেষ কথা নহয়, জানোচা অবস্হিতি অনুপস্হিতিয়ে তাইক দুখী কৰি তোলে, মই দুৰৈত থাকিবলৈ ললো,  অচিনাকি ভাবে ,,,,,
কোনেও বিচাৰি নোপাৱা বহুত দুৰৈত.... ......

#স্বপ্ননীল আকাশ



ভালপোৱাৰ অনুভৱবোৰ জানো কাৰোবাৰ আগত
সম্পূৰণকৈ ব্যক্ত কৰিব পাৰি?
যিমানে নকলেও কিৱা এটা আধৰুৱা হৈ যায় ৷ যিমানে নকলেও
কৱলৈও বহুত বাকী ৰয় ৷
হয়তো সেয়েহে হৃদয়ৰ শব্দবোৰ শেষ হৈ নাযায় ৷ মোৱাইলত
সাঁচি ৰখা প্ৰিয়জনৰ ফটোখন যিমানে নাচাও কিয় ৷
কেতিয়াবা জানো হেপাঁহ পলায় ? ??
......

লিখিবলৈ মন যায়
উকা কাগজৰ পিঠিত হৃদয়ৰ অনুভুতিবোৰ ....

"উৰিব দিয়া মোক,
আকাশ নীলাত..
ডুবিব দিয়া,
হিয়াৰ মাজত...
অসম্পূৰণ মই,
যেন সোঁতহীন নৈ ৷"

"ভালপোৱা এক অনন্য অনুভৱ"




★স্বপ্ননীল আকাশ★






আকৌ এবাৰ সাজিম তোমালৈ 
ভালপোৱাৰ ৰামধেনু, 
আকৌ এবাৰ তোমাৰ বাবে পাগল হৈ চাম 
তুমি ভালপোৱা আকাশ, 
মই আকাশ হৈ চাম । 
তোমালৈ কবিতা লিখিম, 
লিখিম গান সহস্ৰ তোমাৰ নামত 
ভাগৰি পৰা নাই মই, 
আহিলো বহুদূৰ, 
আৰু যে বহুদুৰ বাকী...... 


#স্বপ্ননীল 




যদিহে আকাশৰ বিশালতাত হেৰুৱাব খোজা
এচপৰা ডাৱৰ হৈ চোৱাচোন ৷
যদিহে তৰাবোৰৰ মাজত লুকাব খোজা
এটি তৰা হৈ চোৱাচোন ৷
তুমি যতেই নাথাকা কিয়!
তুমি যতেই নোযোৱা কিয়!
প্ৰতিবাৰেই মোৰ হৃদয়ত খোজ দি যোৱা ৷
সেয়ে প্ৰতিবাৰেই তোমাক বিচাৰি পাওঁ ৷

#স্বপ্ননীল আকাশ
-"হৃদয় ঠুনুকা বৰ.... "
-"হল কি হল ,
মোৰ লগত আছে
ফেভিকল".....



#স্বপ্ননীল 


কথা থাকে বহুত..বহুত ৰৈ যায় কবলৈ.. নোকোৱাকৈ থাকি যায়..কথাও দিয়া যায় বহুত .. সৰহভাগ ভাঙি যায়.... তাৰ পিছতো  ভাবি থাকো , এইবাৰ কি বিশ্বাসত লম .. মন আকাশৰ  এচপৰা ডাৱৰ হবলৈ খোজাতো নাই .. গধুলি জোনটো ঢাকি ৰাখিব , কিজানি মই জোনাকৰ প্ৰেমত পৰি যাও... তৰাবোৰ চাবলৈ নিদিব.. . কিজানি মই ভালপাবলৈ লও..অথচ  নিজে বৰষুণৰ দৰেও সৰিব নিবিচাৰে... বৰষুনত তিতাৰ হেপাহেৰে ৰৈ থাকো মই...এদিন বৰষুণজাক আহিব.. মই তিতিম... ভালপোৱাৰ বৰষুণজাকত মই জুৰুলি জুপুৰি হম...<3  ভালপোৱাৰ এয়াই শক্তি... ৰৈ থকা যায়.. যি কি নহলেও  ৰৈ থকা যায়.... এনেদৰে ৰৈ থাকো বৰষুণজাকৰ অপেক্ষাত..... ভালপোৱাৰ অপেক্ষাত.. আৰু এদিন হঠাৎতে মোক  আচৰিত কৰি বৰষুণজাক সচাকৈ নামি আহে... .... <3  <3

#স্বপ্ননীল