Monday, 14 March 2016

(১)
 কিচু নিস্তব্ধতা.. মৌনতা....
কেইচেকেণ্ডমানৰ পিছত মই কৈ উঠিলো, "ভালপাও,,,,, ভালপাও তোমাক" ...... তাই চাই থাকিল ,,,,, মই উত্তৰ বিচাৰি ৰৈ থাকিলো .. আকৌ মৌনতা ।....
...................
এই যে ছোৱালীবোৰক লৈ বহুত দিগদাৰ ..... নকয়হে নকয়.. মানুহে কয় সদায় লেডিজ ফ্ৰাষ্ট . তাই যদি ভালপায় আপোনাক আপুনিয়েই কিন্তু কৰিব লাগে ফাৰষ্ট প্ৰপোজ... তেন্তে এই ক্ষেত্ৰত আমিবোৰ ফাৰ্ষ্ট...... অযুত চিন্তাবোৰ দলিয়াই আকৌ সুধিলো "কবানে কিবা,"?
-" কি কম?" তাইৰ সেই একেটাই উত্তৰ..
-"পোৱানে মোকো ভাল? "
-" নাজানো"
খং উঠি যায় ঘেন্টা,,, ইমান কিয় ৰহস্যলৈ থেলি থাকে  ইহঁতবোৰে ... আকৌ কৈ দিও খং ভাবে ।
"তেন্তে নাপাও বুলি কোৱা :-\ "
-" নকও"
উফ..... একেটা কথাকে কিমান শুনিম, নাজানো নকও,, কমন শব্দ....দুৰে দুৰে অনুপমহতে  মোক চাই থাকে,  সিহতেও জানে মোৰদ্বাৰা একো নহয়...এই একেটা চেহেৰা লৈ উভতি আহো...
সিহঁতৰ ইতিকিং মোৰ কাণত পৰে... "বেচেৰাটোৰ এইবাৰো নহয় ..."
তাইক দিয়া গিফটো তাই ওলোটাই দিয়ে... মই তাইৰ কাষত থৈ গুচি আহো....
উভতি উভতি মই আকৌ ঘুৰি চাও.... তাই দুৰলৈ গৈ থাকে.... কেকুৰিটোৰ পৰা তাই অদৃশ্য হৈ যায়....<3

সিহতে মোক বুজায়, বাদ দে না, নতুন চাই ল..
তাই তোৰ বাবে নহয়.. বিচাৰি ফুৰিলে সব পোৱা নাযায় ..কিচুমান বস্তুৱেই আমাৰ সপোনত হে শোভা দিয়ে.. . মই মনে মনে থাকো... মই জানো বাদ দিব পাৰিলে কোনোৱা দিনাই বাদ দি দিলোহেতেন....তথাপিও ভাবো বুজিব, প্ৰতিবাৰে মোৰ ফিলিংছৰ মা-ব্যহন হৈ যায়... চেহ... ।বাদ দি দিলো তাইক

(২)
দিনবোৰ গৈ আছে...আজি চাৰিও ফালে শুষ্কতা... কেবল মোৰ নাকটোৰ বাদে... ভীষন চৰ্দি লাগিছে... ৰুমালখনেৰে মচি মই তাকো শুষ্ক কৰি দিলো... বচ... আগৰ কেইদিনৰ দৰে বাচখন আহি মোৰ কাষত ৰল... মই উঠিলো... আজি গাটো সিমান ভাল লগা নাই.. চিট বিচাৰি শেষৰ ফালে গলো.. এনেতে কোনোৱাই মাতে....
" আকাশ দা। ? "
মই ঘুৰি চাও...
" আৰে মেঘালী দেখোন! কত যোৱা "
" সেইবোৰ কৈ আছো আগতে ইয়াতে বহক... "
চিটৰ সৰু অংশখিনিত মই বহি দিও...
মোক দেখি বহুত এক্সাইটেট তাই.. এৰা তাইক বহুত বছৰ দেখা নাছিলো.. দেখি সৰুকৈ মোৰো এটা হাৰ্ট এটেক্ট হৈ গৈছে... তাই বহুত সলনি হল.. আৰু মই??  নাজানো । বাছৰ খিৰিকীখনেৰে বাহিৰলৈ চালো.. ডুৱা ৰঙা বেলিটিৰ দৃশ্যত দেখা পালো। সচাকৈয়ে মনটো কিবা এটা ভাল লাগি গৈছে... সচাকৈয়ে মনত এক সুখানুভুতিৰ সৃষ্টি হৈছে..  মোৰ পৃথিবী বহুত সলনি হৈ গল.. ।বহু বছৰ পাৰ হৈ গল তাই মোৰ প্ৰপোজ প্ৰত্যাখ্যান কৰা....দিলৱালে ৰ দৰে কিমান বছৰ, মাহ কিমান দিন মনত নাই...অবশ্যে সেয়াও ওলাব যদি ডায়েৰীটো খুলি চাও... মই কথা পাতিলো গম পালো তাই স্কুল এখনত নতুনকৈ জইন কৰিছে.. মোৰ  ঠাইৰ পৰা 2কি:মি: মান দুৰ হব.... বহুত কথা হল..  আগৰ দৰে 1.1/2ঘন্টাৰ বিৰক্তিকৰ যাত্ৰা আজি দুই মিনিটৰ যেন লাগিল... মই মোৰ লক্ষ্যস্হান পালো... <3  <3
গধুলি হল .. আগৰ কেইদিনৰ দৰে মই ফেচবুক  অন কৰিলো... দেখিলো তাই মোক এড কৰিছে.. মই এচেপ্ত কৰিলো... সাধাৰণ কথা হল... :-)  মই ভীষণ সুখী... মোৰ বাবে সেয়া অসাধাৰণ কথা......

(৩)
আজি সোমবাৰ... কিন্তু কামৰ পৰা মই সোনকালে আহিলো... তাই মই ফুৰিম... জীৱনৰ পোন প্ৰথমবাৰৰ বাবে... যথা সময়ত তাই আহিল... :-)  বহুত ধুনীয়া লাগিছে তাইক... তাই আহিয়েই কলে...
"বলা পাৰ্কলৈ এপাক!"
"পাৰ্কলৈ তো couple বোৰে হে যায় "
তাই হাহে আৰু কয়
" কিয়!!  কত লিখা আছে...? "
মই হাঁহি সমৰ্থন দিও...
দিঘলীপুখুৰী পাৰ্কলৈ....
:-)
আজি কিচু বেলেগ লাগিছে... সম্পুৰ্ণ বেলেগ.. বতৰটো ভাল নহয়.. বৰষুন দিব হয়তো... মই ভবাৰ আগতে টোপালবোৰ নামি আহিল... তাই চাতিটো মেলি ধৰে... মোৰ নিচেই কাষত আহে... মোৰ সোধো সময় কিমান.. তাই কয় চাই লোৱা.. মোৰ আকৌ এবাৰ বুকু শিহৰিত হৈ উঠে... তাই মোৰ সেই গিফটো, সেই ঘড়ীটো পিন্ধি আহিছে...
তাই মোৰ চকুলৈ চায় আৰু কয়..
ধুনীয়া সময়বোৰ চাবলৈ এজন ধুনীয়া মানুহক লাগে...
মই সপোনৰ দৰে  আবাক দৃষ্টিৰে চাই থাকো...
তাই মোক সাবটি ধৰে... চাতিটো কেনিবা উৰি যায়..... মোৰ চহৰত 1ম জাক বৰষুনত সকলোবোৰ জীপাল হৈ যায়..... :-)

কিচুমান ভালপোৱাৰ শেষ নাথাকে.... কিমান বছৰ কিমান মাহ কিমান দিন নহওক কিয়.....কিচুমান ভালপোৱা এনেদৰে নীলা হৈ আহে.... বৰষাৰ থিকনা লৈ....... :-)
<3  <3

#স্বপ্ননীল আকাশ


Wednesday, 10 February 2016

এক প্ৰতিশ্ৰুতি…

ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব ৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুৱাই  আছিল ভালপোৱাৰ বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য নতুন বতৰাবোৰ ,
মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো ৷
আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ ৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি অহা ভালপোৱাৰ সেউজী শস্যডৰা …
ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো,
ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷
এয়াচোন অজানা অনুভুতি …
এক প্ৰতিশ্ৰুতি…
সদায়েই ৰক্ষা কৰাৰ

#স্বপ্ননীল
ভালপোৱাৰ সপোনবোৰ আচলতে কেতিয়াও নিজস্বভাবে গঢি নুঠে ৷ কেতিয়াবা কেতিয়াবা আমি তাক নিজেই গঢ়ি  তোলো ৷ কেতিয়াবা কোনোবাই গুঠি দিয়ে  আৰু কেতিয়াবা  কাৰোবাৰ পৰশত গঢি উঠে  ৷ টুকুৰা টুকুৰা এনে সপোনবোৰ ঠিক মালা এডালৰ মনিবোৰৰ দৰে ৷ যেতিয়ালৈ গুঠি তোলা নহয় সেইবোৰৰ  কোনো থাক থিক নাথাকে,  কোনো অনুক্ৰমো  নাথাকে  ৷ আপোনজনক পালেই বহুতো কিবাকিবিয়েই সলনি হৈ যায় ৷ মৰমলগা নানানটা সপোনে দুচকু জুৰায় ৷কোনো কবিয়ে লিখি পেলায় নিলিখা কবিতা কোনো গায়কে গায় নোগোৱা গান  কোনোবাই হয়তো সপোন দেখিয়েই সময়  কটায় ৷  ভালপোৱাৰ সপোনবোৰই যে তেনেকুৱা☺…


সেই বাটে মইও ৰৈ থাকিম যিটোৰে তুমি আহা,
তোমাৰ চকুলৈ চাই থাকিম
জানোচা সপোনত তুমি আহা  …

…এটা চিম্পল ৱৰ্ড আৰু এবুকু অনুভৱ ৷ কাহানিও শেষ নহয় ৷  ৷সচাকৈয়ে যেতিয়া আমাৰ দুচকত কোনোৱে সচা সপোনবোৰ গুঠি দিয়ে বিশ্বাস কৰক জীৱনটো আগতকৈয়ো  বহুত ধুনীয়া হৈ পৰে ৷থিক মালাধাৰিৰ দৰে ৷ মৰমলগা ৷ ♥

কেতিয়াবা আপুনিও অনুভৱ কৰেনে?



#স্বপ্ননীল আকাশ

মোক ইমান বিশাল আকাশখন নালাগে জানা ৷
সৌ যে দেখিছা ইমানসোপা তৰাও নালাগে ৷
মোৰ বাবে এটি অংশই যঠেষ্ট ৷ যত আমি সাজিম হেপাঁহৰ ঘৰখন ৷ যত থাকিব তোমাৰ মোৰ সপোন বোৰ ৷
নালাগে মোক তৰাবোৰ…
ইমান সোপা তৰাৰে মই কি কৰিম কোৱা! !
না না নালাগে মোক ৷
এটি তৰায়েই যঠেষ্ট ৷
চোৱানা শুকুলা ডাৱৰ চপৰাই কি মনোৰম হৈ জোনটিৰ লগত লুকাভাকু খেলিছে ৷ পাৰিলে মোৰ নামত এচপৰা কিনিবা চোন ৷ তুমি মই তাত লুকাই লুকাই মনৰ কথাবোৰ পাতিম ৷ যেতিয়া কলীয়া ডাৱৰে আবৰি ধৰিব আমাৰ আকাশ মই তোমাৰ বুকুৰ মাজত সোমাম ৷ বৰষুন পৰিব টোপ টোপ ৷ টোপাল টোপাল...
তুমি মই উমলিম ৷
যদি পাৰা মোৰ বাবে কিনিবা চোন এটুকুৰা আকাশ, এটি তৰা, এচপৰা ডাৱৰ ৷ লগতে কিনিবাচোন তুমি জোনবাইটোকো
♥ ♥ ♥ ♥

৷৷৷৷৷

#স্বপ্ননীল আকাশ



তোমাক ভালপোৱাৰ আজুহাতত যদি পাৰ হৈ যায় বহু জোনাকী নিশা,
হবলৈ দিয়ানা ৷
জোন কি তৰা,
দিবতো নোৱাৰো মই ,
লিখিম এটি সৰু কবিতা, 
যত থাকিব তুমি মই আৰু স্মৃতিৰ সফুৰা …

#স্বপ্ননীল আকাশ
তোমাক দেখাৰ দিনাই জন্ম লৈছিল
হৃদয়ত এটি সুৰ ,
থুপ খাব ধৰিছিল
বুকুত মৰমবোৰ.....
ক্ৰমশ:
গধুৰ হৈ আহিছিল অনুভুতিবোৰ
উজাই আহি ওঠলৈ ৰুপ লৈছিল কবিতাৰ
যিবোৰে জুমি চাব খুজিছিল তোমাৰ হৃদয়ৰ
গোপন প্ৰান্তবোৰ ৷
হয়তো এয়াই আছিল
১ম ভালপোৱা
১ম প্ৰেম ৷
"এনেকৈয়ে যদি আতৰি যাব খোজা  ইমান আপোন কিয় হৈছিলাহি  ৷ "
.............

.....
দুখতে তাই প্ৰতিদণ্ডী হৈ উঠে ৷ মোক কয়  ৷ হয়তো  তাইৰ চকুলো নিগৰি পৰে ৷ হয়তো তাইৰো এনেই হয় লাহে লাহে সকলো পিনে আন্ধাৰ হৈ পৰে ৷ জোনাক নোহোৱা ৰাতিৰ দৰেই ৷ তাইক সুখী কৰিবলৈ মিচা আশ্বাস, প্ৰতিশ্ৰুতি দিবলৈও অপৰাগ মই  ৷ চকুলোখিনি মচি দিবলৈও যে মই কাষত নাই ৷ বুকুৰ পৰা বুকুলৈ এতিয়া বহুদুৰ বাট .........

....

ইমানবোৰৰ ভাবিলেই মোৰ মাত থোকাথুকি হৈ পৰে ৷ মই কও

"আৰে পাগলী মই সোনকালেই উভতি আহিমতো ৷ চিন্তা নকৰিবি না ৷ সুখী মানুহবোৰৰ দৰেই সুখী হবিচোন তয়ো ৷ "

.........
আৰু আধিক কৱলৈও সমৰথ নহও ৷ তাই কান্দিব ৷ মোৰো যে বেয়া লাগিব বহুত ৷ বেগটো পিঠিত লৈ আগবাটি  যাও ৷ চিনাকি ট্ৰেইনখনৰ দিশে ৷ কোনো অচিন চহৰত সপোন  বুটলিবলে ৷  লাহে লাহে বুকুৰ পৰা বুকুৰ বাটটোৰ দুৰত্বও বাঢিবলৈ ধৰে ৷  ট্ৰেইনখনে উকি মাৰে ৷ ডবাটোত মই উঠি দিও ৷ ক্ৰমশঃ আগবাঢি যায় …
...........

#স্বপ্ননীল আকাশ